Old school Swatch Watches
******************
ভুলেই হওক বা
শুদ্ধেই হওক
প্ৰেম-অপ্ৰেমৰ
স্ৰোতস্বিনী নদীত
মেলি দিলোঁ দুখৰ নাও

তোমাৰ প্ৰেমহীনতাৰ জোঁৱাৰত ঠেকা লাগি
বাৰে বাৰে ডুবু ডুবু
মোৰ ভঙা নৌকা

মই মানুহজন অলপ বেলেগ
বাৰে বাৰে ভুল কৰি তোৰ প্ৰেমত পৰোঁ

প্ৰেমবোৰ সৰি যাবলৈ নিদিওঁ
মোৰ জেদ আৰু অভিমানৰ দিনবোৰ
মৰি যাবলৈ নিদিওঁ

মোৰ নিৰুদ্দেশযাত্ৰাৰ নাওখন মেলি দিলোঁ
নাও ডুবিলেও আৰু
টিঙৰ পৰা নানামো
******************

******************
জেদ আৰু অভিমানত মানুহ মৰে !

ৰাতি ৰাতি সপোনবোৰ
প্ৰাচীন বেৰৰ দৰে
খহি খহি পৰে !
******************

******************
মোৰ কিবা এটা হৈছে
কিন্তু কাকো
খুলি ক'ব নোৱাৰোঁ

যি কথা কাকো
খুলি ক'ব নোৱাৰোঁ
সেইবোৰেই যন্ত্ৰণা

মই এতিয়া যন্ত্ৰণাত
জ্বলি পুৰি মৰিম
আকৌ পানশালাত
ৰৈ ৰৈ মদিৰা বাকিম !
******************

******************
সকলো হেৰুৱালোঁ
প্ৰেম-ভালপোৱা-সপোন
সকলো হেৰুৱাই আছোঁ
সেউজীয়া পথাৰ
সোণোৱালী ধান

কেৱল জীৱনটোৰ
বাহিৰে
সকলো হেৰুৱাই এখিলা
হালধীয়া সৰাপাত হ'লোঁ

এতিয়া আৰু একো পাবলৈ নিবিচাৰোঁ
এতিয়া নিজকে হেৰুৱাৰ সপোন এটা লৈ ফুৰোঁ !
******************

******************
এতিয়ালৈকে জীৱন সম্পর্কে মই অজ্ঞ ।
হয়তো শূন্যতাৰ মাজত ওলমি থকা এখন গোলাপৰ বাগিচা !
******************

******************
@ অতীতৰ অসুখ এটা উজাই আহিছে ছাই হৈ @

বুকুৰ ভিতৰত জুই জ্বলে
মই পুৰি পুৰি ছাই

অতীতলৈ ঘূৰি যাব বিচাৰোঁ
ৰৈ ৰৈ উচুপিব বিচাৰোঁ
সৰাপাতৰ শেতেলীত মূৰ গুজি

বুকুৰ ভিতৰত
বতাহ বলে
উৰি আহি পৰে
ধুলিৰ বৰষুণ

ক্ৰমশঃ নিজকে হেৰুৱাই
ৰৈ আছোঁ হিজল
জোপাৰ ছাঁত
তোমাৰ গুচি যোৱা
খোজ বোৰলৈ চাই !
******************


ණ কন্দর্পজিৎ কল্লোল